অন্বেষা

অন্বেষা ইন্টাৰনেটৰ মাধ্যমেৰে প্ৰাচুৰ্যময় অসমীয়া লোক সংস্কৃতি, বিশেষকৈ অসমীয়া থলুৱা লোকবাদ্য সমুহৰ বিষয়ে বিশ্ববাসীক জনোৱাৰ এক বিনম্ৰ প্ৰয়াস। অসমৰ জনগাঠনিৰ দৰেই, অসমৰ লোকসংগীতৰ বাদ্যসমুহ ভাৰতৰ বাকী লোকসংগীততকৈ পৃথক আৰু বৈশিষ্টপুৰ্ণ । ইয়াৰ কাৰণ হিচাপে অসমৰ লোক সংস্কৃতিত, ইউৰোপ, আফ্ৰিকা আৰু এচিয়াৰ প্ৰায় সকলোবোৰ পৌৰাণিক সভ্যতা যেনে আৰ্য্য, আলপাইন, মংগোলীয়, নিগ্ৰো, আদিৰ প্ৰভাব বুলিয়েই অনুমান কৰিব পাৰি। প্ৰত্যেক সভ্যতাৰে কিছু নহয় কিছু চিহ্ন অসমীয়া লোক কলাত পোৱা যায়, আৰু সেইবাবে অসমীয়া লোকবাদ্যৰ পৰিসৰ বহু বিশাল।


অসমীয়া লোকবাদ্য সমূহৰ বিষয়ে ইতিমধ্যে যথেষ্ট গৱেষণা হৈছে আৰু বহু কথা কিতাপ আকাৰে, বিশেষকৈ অসমীয়া ভাষাত প্ৰকাশ হৈছে, কিন্তু ইংৰাজীত বা ইন্টাৰনেটত এই বিষয়ৰ সমল একেবাৰে কম। তাৰোপৰি, যোৱা কেইটামান দশকত,এই অঞ্চলৰ লোকসকলৰ সামাজিক তথা ব্যক্তিগত জীৱনত আমূল পৰিবৰ্তন অহা বাবে, বহুতো লোক কলা তথা বাদ্যই ইয়াৰ গুৰুত্ব হেৰুৱাই পেলোৱা দেখা গৈছে। এতিয়া এনে অবস্থা দেখা গৈছে যে মাত্ৰ এমুঠিমান কলাকুশলীয়েহে এই বিলাক জীয়াই ৰখাৰ চেষ্টা কৰি আছে, ব্যৱসায়িক লাভালাভ নোহোৱাকৈ।


এই পৰিস্থিতিতে অন্বেষাই অকনমান যোগদান দিয়াৰ চেষ্টা কৰিছে; আমাৰ মূল লক্ষ্যসমূহ এই ৱেবচাইটত প্ৰথম পৃষ্ঠাত দিয়া হৈছে। আমি অসমীয়া থলুৱা বাদ্যযন্ত্ৰৰ এই বিশাল সমুদ্ৰৰ পৰা সমলসমুহ গোটাই, বুজি , তাক পদ্ধতিগত ভাবে নথিভূক্ত কৰি ইন্টাৰনেটৰ মাধ্যমেৰে ৰাইজৰ মাজলৈ উলিয়াই দিবলৈ বিছাৰিছো, ই আমাৰ যাত্ৰাৰ সৰু এটি খোজ মাত্ৰ। আমি ভবিষ্যতে একেৰাহে আৰু সমল গোটাই তাক এই ৱেব চাইটৰ যোগেদি প্ৰকাশ কৰি যাবলৈ সংকল্পবদ্ধ । ইয়াত দিয়া তথ্যসমুহ সকলোৱে বিনামূলীয়াকৈ বিতৰণ আৰু ব্যৱহাৰ কৰিব পাৰিব, মাথো তেনে কৰোতে আমাৰ এষাৰি শলাগ ল'লে কৃতাৰ্থ হ'ম। অন্বেষা এক অ-ব্যৱসায়িক সংগঠন আৰু আমাৰ কোনো পৃষ্ঠপোষক নাই, মাত্ৰ কেইজনমান লোকৰ ব্যক্তিগত দানেৰে আমি পৰিচালিত।


আমাৰ গৱেষণাৰ কালছোৱাত আমি উপলব্ধি কৰিছো যে, অসমীয়া লোক সংগীত এতিয়াও প্ৰায় তাৰ আদিম অকৃত্ৰিম ৰূপতে আছে, যাৰ কোনো ব্যাকৰণ নাই, আনুস্থানিক ভাবে শিকোৱাৰ কোনো ব্যৱস্থা নাই, আৰু প্ৰায়ক্ষেত্ৰতে কোনো বাধ্যবাধকতাৰ মাজত ই সীমাবদ্ধ হোৱা নাই। প্ৰায়বোৰ তথ্য, মুখে মূখে প্ৰচলিত , আৰু ঠাই আৰু লোক ভেদে এই তথ্যৰ মাজত যথেষ্ট তাৰতম্য দেখা পোৱা যায়। আমি মধ্যম পন্থা লবলৈ থিক কৰি্লো, আৰু যিমান পাৰি সকলোবোৰ ৰূপেই ইয়াত প্ৰতিফলিত কৰিবৰ চেষ্টা কৰিলো; যিহেতু লোকসংগীত বিশেষজ্ঞ সকলৰ বস্তু নহয়, বৰঞ্চ ই হোজা চহা লোকৰ সৃষ্টি ,যাৰ সংগীতৰ ব্যকৰণ সম্বন্ধে কোনো জ্ঞান নাই। তেওলোকে নিজে আনন্দ কৰিবলে লোকসংগীতৰ সৃষ্টি কৰিলে , আৰু নিজৰ সৰু সৰু ভাব তাৰ লগত যোগ বিয়োগ কৰি আহিলে, গতিকে এই পাৰ্থক্য বিলাকৰ সৃষ্টি হ'ল ; কিন্তু সঁচা কথাত কবলৈ গ'লে লোক সংগীতৰ মূল আত্মা তাতেই নিহিত আছে ।


আমাৰ এই ৱেবচাইটৰ বাবে মূলত: তিনি ধৰণৰ সূত্ৰৰ পৰা তথ্য সংগ্ৰহ কৰিছো-


  • প্ৰকাশিত কিতাপ আৰু প্ৰৱন্ধৰ পৰা লোৱা তথ্য (প্ৰত্যেক পৃষ্ঠাৰে তলত সম্বন্ধিত সমল সমূহৰ নাম কৃতজ্ঞতাৰে উল্লেখ কৰা হৈছে।)

  • লোক শিল্পী আৰু লোককলাৰ বিশেষজ্ঞ সকলৰ মৌখিক তথ্য

  • পৰম্পৰাগত ভাবে লোকবাদ্য নিৰ্মাতা সকলৰ পৰা মৌখিক তথা প্ৰতক্ষ্যদৰ্শণ কৰি পোৱা তথ্য।

আমি এই মুহুৰ্তত আমাৰ তথ্যবিলাক এশ শতাংশই শুদ্ধ বুলি দাবী কৰিব পৰা নাই, কাৰণ তথ্য সংগ্ৰহত ভুল হোৱাৰ সম্ভাৱনা বহুত। আমি সকলোতকৈ যুক্তিপুৰ্ণ আৰু বিজ্ঞানসন্মত তথ্য সমূহ হে দিবলৈ যত্ন কৰিছো যদিও , ইয়াত কোনো ভুল থাকিলে বিজ্ঞজনে আঙুলিয়াই দিলে সন্তোষ পাম। আমি বিশ্বাস কৰো যে এয়া আৰম্ভনিহে মাত্ৰ, এতিয়াও আৰু বহু বাট বুলিবলৈ বাকী।


অসমৰ থলুৱা বাদ্যযন্ত্ৰৰ প্ৰতি দেখুওৱা আগ্ৰহৰ বাবে আপোনাক ধন্যবাদ জনালোঁ।