আঞ্চলিক আৰু অন্যান্য বাদ্য

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

আঞ্চলিক আৰু অন্যান্য


অসমীয়া লোকসংগীতৰ আন এক উল্লেখযোগ্য ধাৰা হ’ল, কোনো কোনো বিশেষ স্থানৰ থলুৱা সংগীত বা লোকগীত সমুহ , যেনে কামৰূপীয়া লোকগীত, গোৱালপৰীয়া লোকগীত, দৰঙী সংগীত ইত্যাদি। এই লোকসংগীত সমূহৰ বাদেও , আন আন ভক্তিসংগীত আৰু ধৰ্মমূলক গীত-মাত সমূহ ৱেব-চাইটৰ এই এই অংশত অন্তৰ্ভূক্ত কৰা হৈছে, যেনে, টোকাৰী গীত, দিহা নাম, নেগেৰা নাম , আইনাম, জিকিৰ, জাৰি ইত্যাদি।

ইয়াৰ উপৰিও অসমীয়া জনসমাজত, বিভিন্ন উপলক্ষ্যত গোৱা বা বজোৱা সংগীতৰ আনুষংগিক ধাৰা বিলাকেও অসমীয়া লোক – সংগীতৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে। এনেধৰণৰ কিছুমান সংগীত হ’ল:


  • বিয়া নাম – পানী তোলা নাম, নোৱাই তোলনি বিয়াৰ নাম, ভেকু্লি বিয়াৰ নাম ইত্যাদি

  • গৰখীয়া নাম

  • ফুল কোঁৱৰ, মণি কোঁৱৰৰ গীত

  • জনা গাভৰুৰ গীত

  • খেল-ধেমালিৰ গীত

  • নিচুকনি গীত

  • ওমলা গীত

  • অপেশ্বৰী সবাহৰ নাম

  • লখিমী আদৰা নাম

  • বাৰমাহী গীত

  • নাঁৱৰীয়া গীত

  • ধেমেলিয়া গীত

  • মালিতা ( যেনে নাহৰৰ মালিতা, চিকন গোঁসাইৰ মালিতা, বাখৰ বৰাৰ মালিতা, পদ্ম কুঁৱৰীৰ মালিতা ইত্যাদি)

  • ওজাপালি