বিহুৰ বাদ্যসমূহ

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

বিহুৰ বিষয়ে দুআষাৰ

Bihu Dance
বিহু নাচনী

বিহু সাংস্কৃতিক বৈশিষ্ট্যৰে ভৰপূৰ অসমৰ কৃষিভিত্তিক জাতীয় উৎসৱ। অসমত তিনিটা বিহু পালন কৰা হয়, বহাগ বা ৰঙালী বিহু (বসন্তৰ বিহু), মাঘ বা ভোগালী বিহু (খেতি ছপোৱা বিহু) আৰু কাতি বা কঙালি বিহু (শৰতৰ বিহু)। বিহু অসমৰ সকলো ঠাইৰ লোকে জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে মহা উলাহেৰে পালন কৰে। সাধাৰন অৰ্থত কবলৈ গ’লে বিহু অসমৰ সাংস্কৃতিক সমন্বয়ৰ প্ৰতীক, আৰু অলেখ নৃতাত্বিক, সামাজিক, অৰ্থনৈতিক বৈচিত্ৰৰ মাজত এই সমন্বয়েই অসমৰ আত্মা । অসমৰ উমৈহতীয়া সংস্কৃতিৰ পৰিচায়ক বিহু, মুলত: মংগোলীয় আৰু এচিয়-অষ্ট্ৰিক জনগোষ্ঠী সমূহৰ অবদান। অসমৰ প্ৰায় সকলো জনগোষ্ঠীয়েই নিজা বৈশিষ্ট্যৰে বিহু পালন কৰে। সময়ৰ সোঁতত বিহুলৈকো কিছু পৰিবৰ্তন নহা নহয়, কিন্তু বিহুৰ মূল আত্মা সকলো অসমীয়াৰে তেজত এতিয়াও প্ৰবাহমান ।


বিহুৰ লগত আন বহুতো সামাজিক পৰম্পৰা বিদ্যমান যদিও , বিহুৰ সকলোতকৈ উল্লেখযোগা দিশ হ’ল ইয়াৰ সাংস্কৃতিক বৈশিষ্ট্য। বিহুৰ সংগীত, নাচ, গান, বাদ্যযন্ত্ৰ সকলোবোৰেই থলুৱা আৰু,অসমৰ চহা জীৱনৰ লোককলাৰ পৰিচায়ক। বিহুৰ সকলো দিশেই অসমৰ বিচিত্ৰ সাংস্কৃতিক চৰিত্ৰ প্ৰতিফলিত কৰে বাবেই ই অসমীয়াৰ সৰ্বব্যাপ্ত পৰিচয় হৈ পৰিছে।


ৰঙালী বিহু বসন্ত কালত পতা বিহু, আৰু ই প্ৰেম, আনন্দ আৰু উৰ্বৰতাৰ উৎসৱ। বিহু ডেকা-ডেকেৰীয়ে নাচ গান কৰি মৰম চেনেহৰ আদান প্ৰদান কৰে, জ্যেষ্ঠজনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰে আৰু, জীৱনৰ লগৰীও বিচাৰি উলিয়ায়। বিহু নাচ বা গানত সেয়ে ইন্দ্ৰিয়গ্ৰাহ্য উপাদান দেখা পোৱা যায় , আৰু বসন্তৰ নান্দনিক পৰিবেশে আপোনা-আপুনি তেনে এটা পৰিস্থিতিৰ সৃ্ষ্টি কৰে। লোকবিশ্বাস মতে , এনে উপাদদানসমূহে খেতি মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে। পৰম্পৰাগত ভাৱে, বহাগ বিহু সাতদিন ধৰি পালন কৰা হয়, আৰু বিহুৰ প্ৰথম দিনা অসমীয়া নতুন বছৰ আৰম্ভ হয়।

Bihu Dance

অসমৰ কিছুমান সম্প্ৰদায়ে অলপ বেলেগ ধৰণেও বিহু পালন কৰা দেখা যায়, মূল উদ্দেশ্য একে হলেও, পৰম্পৰা আৰু নামৰ পাৰ্থক্য আছে। বিহুক অসমীয়া জাতিৰ সাংস্কৃতিক গঠন তথা বিন্যাসৰ দলিল বুলি কব পাৰি, কিন্তু ইয়াৰ উৎপত্তি তথা বিবৰ্তনৰ সঠিক তথ্য দিয়া সম্ভৱপৰ নহয় । এই বিষয়ে ইতিমধ্যে বহুতো চিন্তা চৰ্চা আৰু গৱেষণা হৈছে, কিন্তু এতিয়াও এক সৰ্বগ্ৰহনযোগ্য মতবাদত উপনীত হব পৰা হোৱাগৈ নাই। তথাপি এইটো ঠিক বিহু অসমীয়া জাতিৰ পৰিচয় আৰু বিহুৰ তাৎপৰ্য্য এতিয়াও অসমীয়া সমাজত অপৰিবৰ্তিত হৈ আছে।



Kapow Phul

বিহুৰ বিষয়ে সবিশেষ তথ্যৰ বাবে তলত দিয়া ৱেব-চাইত কেইটা চাব পাৰে


http://en.wikipedia.org/wiki/Bihu
http://assamtoday.tripod.com/bihu1.htm
http://www.north-east-india.com/assam/bihu-festival.html




বিহু সংগীতময় উৎসৱ, সেয়ে বিহুত বাদ্যযন্ত্ৰৰ গুৰুত্বও অপৰিসীম । আগতে কোৱাৰ দৰে বিহু উৎসৱ বহু বিৱৰ্তন,পৰিবৰ্তনৰ মাজেৰে আহি আজিৰ এই ৰূপ পাইছেহি ।গছৰ তলত মুকলি মনেৰে আনন্দ কৰি পতা বিহু বৰ্তমান পেচাদাৰী শিল্পীৰ মঞ্চৰ বিহু হৈছেহি । প্ৰথমতে চহা লোকশিল্পীয়ে নিৰ্মাণ কৰা বিহুৰ বাদ্য সমূহে বৰ্তমান দক্ষ লোকৰ হাতত পৰি পৰিপূৰ্ণ ৰূপ পাইছেহি । বিহুত ব্যৱহাৰ হোৱা বাদ্যসমূহৰ ক্ষেত্ৰত কিঞ্চিৎ মতভেদ থাকিলেও ,এই পৃষ্ঠাত উল্লেখ কৰা বাদ্যসমূহ বিহুৰ মূল বাদ্য বুলি গ্ৰহণ কৰিব পাৰি ।

Bihu Dance