উৎসৰ্গা


অসম


অসম ভাৰতৰ উ্ত্তৰ পূব–কোণত অৱস্থিত, সূকীয়া ভৌগোলিক আৰু সাংস্কৃতিক বৈশিষ্টৰে পৰিপূৰ্ণ এখন গুৰুত্বপূৰ্ণ ৰাজ্য । অসমৰ বুকুৰ মাজেৰে বৈ যোৱা মহাবাহু ব্ৰহ্মপুত্ৰ অসমৰ সমাজ–সংস্কৃতিৰ জীৱন ৰেখা। চাহ উৎপাদন আৰু খাৰুৱা তেলৰ লগতে ইয়াৰ জৈৱ বৈচিত্ৰৰে অসমে বিশ্বৰ মানচিত্ৰতো নিজৰ সূকীয়া স্থান দখল কৰিছে

সবিস্তাৰে পঢ়ক


অসমৰ জনজীৱন আৰু সংস্কৃতি


অসমৰ জনগাঁঠনি বিভিন্ন নৃতাত্বিক অবদানেৰে সমৃদ্ধ । বৰ্তমান ৩ বিলিয়নতৈয়ো অধিক জনসংখ্যাৰ অসমত অনেক জাতি জনজাতি, বিভিন্ন ধৰ্মাৱলম্বী লোকে বসবাস কৰে , সেয়ে অসমৰ সংস্কৃতিও সমন্বয়ৰ সংস্কৃতি

সবিস্তাৰে পঢ়ক


অসমৰ লোক সংগীত


অসম সংগীতময় দেশ, বুৰঞ্জীয়ে ঢুকি পোৱা সময়ৰ আগৰে পৰা অসমত সংগীত চৰ্চা কৰি অহা হৈছে। ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ সংমিশ্ৰণ আৰু মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ অবদানে অসমীয়া লোকসংগীত এক অনন্য মা্ত্ৰা প্ৰদান কৰিছে। খ্ৰীষ্টীয় 2য় শতিকাৰ পৰাই অসমত সংগীত চৰ্চাৰ প্ৰমাণ পোৱা যায়। অতীজতে অসমীয়া লোক সংগীতৰ খ্যাতি চীন তথা সুদুৰ প্ৰাচ্যৰ অন্যান্য দেশলৈকো বিয়পি পৰিছিল

সবিস্তাৰে পঢ়ক

অন্য সুত্ৰসমূহ


অন্বেষা

অন্বেষা ইন্টাৰনেটৰ মাধ্যমেৰে প্ৰাচুৰ্যময় অসমীয়া লোক সংস্কৃতি, বিশেষকৈ অসমীয়া থলুৱা লোকবাদ্য সমুহৰ বিষয়ে বিশ্ববাসীক জনোৱাৰ এক বিনম্ৰ প্ৰয়াস। অসমৰ জনগাঁঠনিৰ দৰেই, অসমৰ লোকসংগীতৰ বাদ্যসমুহ ভাৰতৰ বাকী লোকসংগীততকৈ পৃথক আৰু বৈশিষ্টপূৰ্ণ । ইয়াৰ কাৰণ হিচাপে অসমৰ লোক সংস্কৃতিত, ইউৰোপ, আফ্ৰিকা আৰু এচিয়াৰ প্ৰায় সকলোবোৰ পৌৰাণিক সভ্যতা যেনে আৰ্য্য, আলপাইন, মংগোলীয়, নিগ্ৰো আদিৰ প্ৰভাৱ বুলিয়েই অনুমান কৰিব পাৰি। প্ৰত্যেক সভ্যতাৰে কিছু নহয় কিছু চিহ্ন অসমীয়া লোক কলাত পোৱা যায়, আৰু সেইবাবে অসমীয়া লোকবাদ্যৰ পৰিসৰ বহু বিশাল।


অসমীয়া লোকবাদ্য সমূহৰ বিষয়ে ইতিমধ্যে যথেষ্ট গৱেষণা হৈছে আৰু বহু কথা কিতাপ আকাৰে, বিশেষকৈ অসমীয়া ভাষাত প্ৰকাশ হৈছে; কিন্তু ইংৰাজীত বা ইন্টাৰনেটত এই বিষয়ৰ সমল একেবাৰে কম। তাৰোপৰি, যোৱা কেইটামান দশকত,এই অঞ্চলৰ লোকসকলৰ সামাজিক তথা ব্যক্তিগত জীৱনত আমূল পৰিবৰ্তন অহা বাবে, বহুতো লোক কলা তথা বাদ্যই ইয়াৰ গুৰুত্ব হেৰুৱাই পেলোৱা দেখা গৈছে। এতিয়া এনে অবস্থা দেখা গৈছে যে মাত্ৰ এমুঠিমান কলাকুশলীয়েহে এই বিলাক জীয়াই ৰখাৰ চেষ্টা কৰি আছে, ব্যৱসায়িক লাভালাভ নোহোৱাকৈ। সবিস্তাৰে পঢ়ক


আমাৰ লক্ষ্য

  • অসমৰ থলুৱা বাদ্যযন্ত্ৰ সমুহৰ নাম আৰু প্ৰকাৰ, ব্যৱহাৰ, বজোৱাৰ নিয়ম তথা নিৰ্মাণ প্ৰণালী ইন্টাৰনেটৰ যোগেদি বিশ্ববাসীৰ সমূখত ডাঙি ধৰা, যাতে পৃথিবীৰ যিকোনো ঠাইৰ লোকেই ইচ্ছা কৰিলে এই বাদ্য সমুহৰ বিষয়ে প্ৰাথমিক কথা খিনি জানিব পাৰে ।

  • অসমৰ থলুৱা বাদ্যযন্ত্ৰ সমুহৰ (জনজাতীয় বৈশিষ্টপূৰ্ণ বাদ্য বিলাককে ধৰি) বিষয়ে প্ৰণালীবদ্ধ বিশ্লেষণ আৰু বিজ্ঞানসন্মত নথীভুক্তকৰনৰ যোগেদি, বিৰল বাদ্যযন্ত্ৰ সমুহৰ ওপৰত বেছি গুৰুত্ব দি, এটা দ্বিভাষিক( ইংৰাজী আৰু অসমীয়া) তথ্যভড়াল তৈয়াৰ কৰা ।

  • ইলেক্ট্ৰনিক মাধ্যমৰ যোগেৰে প্ৰচাৰ কৰি লোকশিল্পী তথা কাৰিকৰ সকলৰ উৎসাহিত কৰা

  • লোকসংগীতৰ গৱেষক সকলৰ বাবে তথ্যসূত্ৰ যোগান ধৰা

  • কিতাপ আকাৰে উপলব্ধ এই বিষয়ৰ সমলসমুহ প্ৰণালীগতভাবে নথীভুক্ত কৰা আৰু ডিজিটেল মাধ্যমত সংৰক্ষণ কৰা ।

 


বিভিন্ন বাদ্যযন্ত্ৰ

 

বিহুৰ বাদ্য

    

সত্ৰীয়া সংগীতৰ বাদ্য

    

আঞ্চলিক আৰু অন্যান্য বাদ্য

    

অসমৰ জনজাতিসমূহৰ বাদ্য