মঘাই ওজা

" হঠাৎ যেন মঘাই ওজাৰ ঢোলত শতাব্দীৰ হেৰাই যোৱা এই লোক সংস্কৃতিটো মূখৰ হৈ উঠিল "

-হেমাংগ বিশ্বাস


অসমীয়া লোক সংস্কৃতিৰ বৰঘৰ চহকী কৰি ৰখা ঢোলবাদ্যক এক অনন্য মাত্ৰা প্ৰদান কৰি কাললৈ জীয়াই ৰাখিবৰ বাবে যিজনা মহান শিল্পীয়ে ঢোলৰ শব্দৰে বাংময় পৰিবেশৰ সৃষ্টি কৰিছিল তেঁও আছিল ঢোলৰ যাদুকৰ মঘাই ওজা ।


যোৰহাটৰ হাতীগড় মৌজাৰ নাওশলীয়া গাঁৱৰ এক ভিতৰুৱা অঞ্চলত মঘাই ওজাৰ জন্ম হৈছিল, ১৯১৬ চনৰ ১৫ মাঘত। তেঁওৰ পিতৃৰ নাম বোপাৰাম বৰুৱা আৰু মাতৃ ৰূপতী বৰুৱা । পাঁচবছৰ বয়সতে পিতৃহাৰা হোৱা মঘাই বৰুৱাই জীৱিকাৰ তাড়নাত ওচৰৰে চেনীজান বাগিছাত দিন হাজিৰা কামত হাত দিয়ে । নাওশলীয়া গাঁৱত সেই সময়ত বিৰাজ কৰিছিল ঢোল বজোৱা আৰু শিকাৰ এক সংগীতময় পৰিবেশৰ । হাজিৰা কৰা টকাৰে পোৱা টকাৰে কিনি অনা ঢোল বাদ্যটিত হাত দি অন্য এক জগতৰ সন্ধান পাই মঘাই বৰুৱা কালক্ৰমত মঘাই ওজা ৰূপে পৰিচিত হৈ পৰে । প্ৰথমে গাঁৱে ভুঁঞে, বিয়াই সবাহে ঢোলবাদন কৰা মঘাই ওজালৈ নিমন্ত্ৰণ আহিল তেজপুৰৰ পৰা । তেজপুৰত তেঁও লগ পালে বিখ্যাত চাহ খেতিয়ক গকুল বৰুৱাক আৰু লগতে গণনাট্য সংঘৰ সংগঠক হেমাংগ বিশ্বাসক । হেমাংগ বিশ্বাসৰ অনুপ্ৰেৰণাত মঘাই ওজাৰ ঢোলে যাত্ৰা আৰম্ভ কৰিলে বিশ্ব দৰবাৰলৈ ।


মঘাই ওজাৰ প্ৰতিভাই স্বীকৃতি পালে ১৯৫৪ চনত , কলিকতাৰ ৱেলিংটন স্কোৱাৰত পৰিৱেশিত হোৱা গণনাট্য সংঘৰ অনুষ্ঠানত । ভূপেন হাজৰিকাৰ কণ্ঠ আৰু মঘাইৰ ঢোলৰ অপুৰ্ব সংমিশ্ৰণত অসমক নতুনকৈ চোৱাৰ, জনাৰ হেঁপাহ জাগিল জনতাৰ মনত।


মঘাই ওজাৰ ঢোলৰ ছেৱত মেঘে গৰজে, ব্ৰজপাত পৰে, ধুমূহা আহে, বা বলে ৰিব ৰিব মলয়া। প্ৰকৃতিৰ নিত্য সহচৰ বতা চৰাইয়ে মঘাইৰ ঢোলৰ চাপৰত কিৰিলি পাৰে। হাবিত থকা খঁৰা শিয়ালৰ লগত ৰাইজে চিনাকি হোৱাৰ সুঘোগ পালে মঘাই ওজাৰ ঢোলৰ জৰিয়তে।


মঘাই ওজাৰ ঢোল বাদনৰ কৌশল আছিল অপুৰ্ব। মঘায়ে হাতৰ কিলাকুটিৰে, ভৰিৰে, গোৰোহাৰে, বুঢ়া আঙুলিৰে , থুতৰিৰে, নাকেৰে ঢোল বজাই যি প্ৰদৰ্শণ শৈলীৰ উদ্ভাৱন কৰিছিল, সেয়া আছিল প্ৰকৃতাৰ্থে অভুতপূৰ্ব আৰু আকৰ্ষণীয় । তাৰোপৰি মঘাই ওজাই নিজে সৃষ্টি কৰিছিল ডবা ঘাতকে ধৰি ঢোল বাদ্যৰ বহুতো নিত্য নতুন উপকৰণ।


মঘাই ওজাৰ দ্বাৰা ৰচিত মালিতা সমূহত প্ৰতিফলিত হৈছিল সমস্যা জৰ্জৰ সমাজখনৰ কথা , আৰু সমসাময়িক ঘটনা প্ৰবাহ । ঢোলৰ মালিতাৰে প্ৰকাশ পোৱা কবিতাৰ গাঁঠাই আলোড়িত কৰিছিল কৃষক–শ্ৰমিক আৰু সৰ্বসাধাৰণ জনতাৰ হৃদয় । ‘শব্দই ব্ৰহ্ম’ - মঘাই ওজাৰ ঢোলৰ শব্দই ব্যাপ্ত কৰি ৰাখিছিল অসমৰ লোক সংস্কৃতিৰ বিশাল ক্ষেত্ৰখন । মঘাই ওজাই ঢোলৰ মাজেৰে সম্প্ৰীতিৰ জয়গান গাইছিল, মানবতাৰ পক্ষত থিয় দিছিল ; বন্দনা কৰিছিল সাধাৰণ মানুহৰ, আপুৰুগীয়া অসমীয়া থলুৱা কৃষ্টিৰ । অসমৰ মাটি, পানী, বতাহ, চৰাইৰ কাকলিত জীৱনৰ সন্ধান কৰা মঘাই ওজাৰ জীৱনাৱসান ঘটে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ ১৯৭৮ চনৰ ১৫ মাৰ্চত ।


আজীৱন হাঁহিমুখে দৰি্দ্ৰতাৰ সৈতে সহাৱস্থান কৰি শেষ মুহুৰ্তলৈকে জীৱনৰে বন্দনা কৰা মঘাই ওজাই, ঢোলৰ ওজাৰ সহজাত হাস্যৰসেৰে দৰ্শকক আমোদ দি গল , হাঁহিৰ চলেৰে, ঢোলৰ মালিতাৰে কৈ গ’ল সৰ্বহাৰা ৰাইজৰ কথা, জাতীয় সংহতি – কৃষ্টিৰ কথা । আজি সশ্ৰদ্ধাৰে মঘাই ওজাক সোঁৱৰোতে সকলোৱে উপলব্ধি কৰে তেওঁ দাৰিদ্ৰ্যৰ মাজতো পাইছিল জীৱনৰ আচল ধন, সৃষ্টি কৰিছিল নানান মালিতা, অসমৰ লোক কলাক দিয়াইছিল ৰাষ্ট্ৰীয় মৰ্য্যাদা । দুৰ্ভাগ্যক্ৰমে তেখেতৰ ঢোলবাদন আমি শুনিব পৰাকৈ সংৰক্ষণ কৰা নহ’ল । ক্ৰমাৎ হেৰাই গ’ল তেখেতৰ অনেক অমূল্য সৃষ্টি ।


মঘাই ওজাৰ আটাইতকৈ ডাঙৰ সম্পত্তি আছিল তেঁওৰ অসমীয়া লোককলাৰ প্ৰতি ভালপোৱা আৰু ইয়াৰ সৌস্থৱৰ ওপৰত অগাধ বিশ্বাস । অতি গৌৰৱেৰে আৰু আত্মবিশ্বাসেৰে তেঁও বিশ্ববাসীক দেখুৱাই দিছিল অসমীয়া থলুৱা কৃষ্টিৰ বৈশিষ্টপূৰ্ণ সম্পদ । এই গৌৰৱ www.anvesha.co.in ৰো মূল সম্পদ ।


জীৱিত কালত ইতিহাস ৰচনা কৰা শিল্পীজনাৰ প্ৰতি আমাৰ শ্ৰদ্ধাৰ্ঘ্য অৰ্পণৰ ই এক প্ৰয়াস। মঘাই ওজা চিৰদিন জীৱন্ত কিংবদন্তি ৰূপে আমাৰ মাজত জীয়াই থাকক আৰু অসমীয়া লোককলাৰ এই জয়যাত্ৰা অবিৰত হওক, তাৰ কামনাৰে www.anvesha.co.in তেখেতৰ স্বৰ্গগত আত্মাৰ ওচৰত অৰ্পণ কৰা হ’ল ।


" মোৰ কান্ধত ঢোলৰ বোজা, মোকে কয় মঘাই ওজা "