সত্ৰীয়া সংগীতৰ বাদ্যসমূহ

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

ধৰ্মীয় সংগীত

সত্ৰীয়া নৃত্য
সত্ৰীয়া নৃত্য

ভাৰতীয় পটভুমিত ধৰ্ম সমাজ জীৱনৰ এক অতিশয় গুৰুত্বপূৰ্ণ দিশ আৰ লগতে লোক-সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ। ধৰ্ম মুলত: জীৱনৰ শান্তি আৰু পৰিতৃপ্তিৰ বাবে আৱশ্যকীয় এক সংঘবদ্ধ পৰিক্ৰমা। অসমীয়া সমাজ হিন্দু, মুছলমান, খ্ৰীষ্টান, শিখ আৰু বৌদ্ধধৰ্মী লোকেৰেগঠিত । তাৰোপৰি কোনো কোনো জনগোষ্ঠীৰ নিজা নিজা ধৰ্মবিশ্বাসো চলি থকা দেখা যায়। এনে ধৰ্মীয় বিচিত্ৰতাৰ মাজতো অসমত দেখা পোৱা ধৰ্মীয় সহনশীলতা আৰু পাৰস্পৰিক বুজাবুজি অসমীয়া সংস্কৃতিৰ এক গৌৰৱোজ্জল দিশ।

অসমীয়া জাতীয় জীৱনত আটাইটকৈ বেছি প্ৰভাৱ বিস্তাৰ কৰা ধৰ্ম হ’ল মহাপুৰুষ শংকৰদেৱৰ এক-শৰণ নাম ধৰ্ম বা মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্ম । গুৰুজনা অসমৰ ধৰ্মীয় তথা সাংস্কৃতিক সমন্বয়ৰ পিতৃপুৰুষ বুলি ক’ব পাৰি। গুৰুজনাই ভক্তিমাৰ্গৰ গুৰুগম্ভীৰ তত্ব বিলাক সাধাৰণ ৰাইজক বুজাবৰ বাবে কলাকে মূল মাধ্যম হিচপে গ্ৰহণ কৰিছিল। এই বৈষ্ণৱ দৰ্শন অসমীয়া জনমানসত ইমান দকৈ শিপাই আছে যে, অসমীয়া সমাজৰ প্ৰতি দিশতে এই দৰ্শন ব্যাপ্ত হৈ থকা দেখা যায় ।আৰু সেইকাৰণেই অসমীয়া প্ৰায় সকলো লোকসংগীততে ইয়াৰ প্ৰতিফলন দেখা যায় । মহাপুৰুষজনাই ভাৰতীয় উচ্চাংগ সংগীতৰ লগত থলুৱা ৰসৰ সংমিশ্ৰণ ঘটাই এক নব্যধাৰাৰ ধৰ্মীয় সংগীত সৃষ্টি কৰে , আৰু কালক্ৰমত ই অসমীয়া থলুৱা সংস্কৃতিৰ প্ৰধান ধ্বজাবাহক হৈ পৰে।


এই বৈষ্ণৱ সংগীতৰ ( যি সত্ৰীয়া বা শংকৰী সংস্কৃতি নামে পৰিচিত) পৰিসৰ ইমানেই বৃহৎ যে , এই সংগীতৰ সৈতে যুক্ত বাদ্য সমূহৰ বাবে এই ৱেব-চাইটত সূকীয়াকৈ স্থান নিৰ্ধাৰণ কৰা হৈছে, অৰ্থাৎ বাকী ভক্তিমূলক সংগীতৰ সতে একেলগে দিয়া হোৱা নাই। আন আন ভক্তিসংগীত বা ধৰ্মমূলক সংগীতৰ বাদ্য সমূহ অন্যান্য সংগীতৰ ভাগত ৰখা হৈছে। ইয়াৰ উদ্দেশ্য অৱশ্যে কোনোপধ্যেই সেই সংগীতৰ গুৰুত্ব বা অবদানক অস্বীকাৰ কৰা নহয়। ৱেব-চাইটৰ এই অংশত নাম-কীৰ্তন, ভাঁওনা-সবাহ, বৰগীত, সত্ৰীয়া নৃত্য, আৰু আন আন বৈষ্ণৱ সংগীতৰ লগত ব্যৱহাৰ হোৱা বাদ্য সমূহহে অন্তৰ্ভুক্ত কৰা হৈছে।