অসমৰ মুখ্য জনগোষ্ঠীসমূহ

 

 

 

 

 

 

 

 

Different Tribes of Assam


অতীজৰে পৰা অসমৰ সাৰুৱা মাটিয়ে বিভিন্ন জাতি জনগোষ্ঠীক আকৰ্ষণ কৰি আহিছে আৰু বিভিন্ন সময়ত আহি তেওঁলোকে ইয়াত বসতি স্থাপন কৰিছে। নদী মাতৃক অসমৰ মাটি সাৰুৱা আৰু কৃষিপযোগী হোৱাৰ উপৰিও, অসম কেইবাখনো দেশৰ লগত পদপথেৰে সংযুক্ত। অসমত বসতি স্থাপন কৰা জনগোষ্ঠী বিলাক মূলত: ইণ্ডো – মংগোলিয়ান হলেও তেওলোকৰ মাজত অষ্ট্ৰ- এচিয়াতিক বৈশিষ্ট্যও লক্ষ্য কৰা যায়। প্ৰধানকৈ কৃষিৰ সুবিধাৰ বাবে বিভিন্ন সময়ত অসমলৈ প্ৰবজন কৰা এই জনগোষ্ঠী কালক্ৰমত অসমীয়া সমাজ জীৱনৰ অবিচ্ছেদ্য অংগ হৈ পৰে। এই জনগোষ্ঠীয় সংস্কৃতি বিলাকৰ মাজত অলপ সাদৃশ্য লক্ষ্য কৰা যায় যদিও, প্ৰতিটো জনগোষ্ঠীৰে নিজা বৈশিষ্ট্যপূৰ্ণ ভাষা, বুৰঞ্জী আৰু পৰম্পৰা আছে। এসময়ত এই অসম অঞ্চলটো বিভিন্ন জনগোষ্ঠীৰ সৰু সৰু স্বাধীন ৰাজ্যত বিভক্ত আছিল । অবশ্যে এই ৰাজ্য বিলাকে পৰস্পৰৰ লগত সমন্বয় ৰক্ষা কৰি চলিছিল আৰু সেয়ে তেওলোকৰ মাজত সততে বিভিন্ন সম্পৰ্ক স্থাপন হৈছিল । এনে ক্ষেত্ৰত এটা সংস্কৃতিৰ আনটোৰ ওপৰত প্ৰভাব পৰা আৱশ্যম্ভাৱী হৈ পৰিছিল, তাতে প্ৰায় সকলোৰে জীৱন ধাৰণ প্ৰণালী তথা অৰ্থনৈতিক অৱস্থাও সমপৰ্যায়ৰ আছিল। কোনো কোনো পণ্ডিতে কয় যে, অসমৰ কোনো জনগোষ্ঠীয়েই আচলতে আন সংস্কৃতিৰ প্ৰভাবৰ পৰা সম্পূৰ্ণ মুক্ত নহয়, যদিও তেওলোকৰ মুল আত্মা এতিয়াও অক্ষুন্ন আছে।

অসমৰ জনগোষ্ঠীয় লোকসকল এতিয়াও প্ৰধানত: কৃষিজীৱি, আৰু তেওঁলোকৰ মাজত জনগোষ্ঠীয় চৰিত্ৰ বৰ্তমান। ভৌগোলিক সাম্য আৰু তেওলোকৰ সহনশীল মনোভাবৰ বাবে, তেওলোকৰ সাংস্কৃতিক বৈশিষ্ট কালক্ৰমত অসমীয়া সংস্কৃতিৰ মূল চৰিত্ৰ হৈ উঠে । মহাপুৰুষ শংকৰদেৱে, অধিক ৰীতিবদ্ধ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ ধাৰা অসমলৈ আনোতেও লোকসংগীতৰ জনগোষ্ঠীয় বৈশিষ্ট সমূহ ৰক্ষা কৰিছিল । সেয়ে অসমৰ কিছু কিছু জনগোষ্ঠীয় লোককলাতো গুৰুজনাৰ সাঁচ বিদ্যমান।
অসমৰ প্ৰত্যেক জনগোষ্ঠীৰে নিজা সংগীত আছে, আৰু সেইমতে স্বকীয় বৈশিষ্ট্যৰে ভৰা বাদ্যযন্ত্ৰও আছে। www.anvesha.co.in ৰ এই অংশত বাদ্যযন্ত্ৰ বিলাক প্ৰতি জনগোষ্ঠীৰ নিজস্ব পৃষ্ঠাৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে।

জনগোষ্ঠীসূহ আৰু তেওলোকৰ বাদ্যযন্ত্ৰ সমূহৰ বিষয়ে জানিবলৈ এই পৃষ্ঠাৰ বাওঁফালে থকা নামবোৰত ক্লিক কৰক